ধুবুৰী জিলা চিকিৎসা মহাবিদ্যালয়ৰ ভাইৰেল ভিডিঅ’ক লৈ প্ৰশ্ন
ধুবুৰী: ধুবুৰী জিলা চিকিৎসা মহাবিদ্যালয়ৰ তত্বাৱধান আৰু পৰিচালনাক লৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ক কেন্দ্ৰ কৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাইৰেল ভিডিঅ’টোত চিকিৎসালয়খনৰ পৰিৱেশ আৰু বিভিন্ন বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছে।
ইফালে, বৰ্তমানৰ মন্ত্ৰী তথা ধুবুৰী জিলা চিকিৎসা মহাবিদ্যালয়ৰ চেয়াৰমেন অশ্বিনী ৰায় সৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি চিকিৎসালয়খনত কি চলি আছে, সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হৈছে।
অভিযোগ অনুসৰি, মন্ত্ৰীগৰাকী বৰ্তমান বিভিন্ন উদ্বোধনী অনুষ্ঠান আৰু নিজৰ অঞ্চলৰ বিভিন্ন কাৰ্যসূচীত ব্যস্ত হৈ থকাৰ সময়তে তেওঁৰ তত্বাৱধানৰ সৈতে জড়িত চিকিৎসালয়খনৰ এনে ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।
ইয়াৰ উপৰি, সেই অঞ্চলৰ বিভিন্ন সাংগঠনিক নেতা তথা অঞ্চলটোৰ বিভিন্ন ব্যক্তিৰ নাম সোনাহাট বাণিজ্যিক কেন্দ্ৰ, ডাম্পাৰ, ব্ৰয়লাৰ আৰু বিভিন্ন ছিণ্ডিকেটক লৈ পূৰ্বেও বিভিন্ন বাতৰি প্ৰকাশ পোৱা বুলি উল্লেখ হৈছে।এই বিষয়সমূহৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ নীৰৱতাক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে।
সেই সকল নেতা বা ব্যক্তিৰ ওপৰত কিয় মাত নামাতে। কিয় প্ৰশিক্ষণ পদক্ষেপ নলয়। সেয়া এক ডাঙৰ প্ৰশ্ন।
লগতে, বিভিন্ন সময়ত নিজৰ কৰ্ম, বস্ত্ৰ আৰু থলুৱা সামগ্ৰীৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ বিষয়টো উল্লেখ কৰি বহিৰাগত গামোচা গ্ৰহণৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰা হৈছে। একে সময়তে ব্যক্তিগত অইল ইণ্ডিয়াৰ পেট্ৰ’ল পাম্পৰ উদ্বোধনী অনুষ্ঠানত গামোচাৰে সন্মান গ্ৰহণ কৰা দৃশ্যক লৈও সামাজিক মাধ্যমত চৰ্চা চলিছে।
এই সমগ্ৰ বিষয়ক লৈ ৰাইজে সংশ্লিষ্ট জনপ্ৰতিনিধি তথা কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোৰ সত্যতা আৰু তাত উত্থাপিত অভিযোগসমূহ স্বাধীনভাৱে নিশ্চিত হোৱা নাই। সংশ্লিষ্ট কৰ্তৃপক্ষৰ বক্তব্য লাভ কৰিলে এই প্ৰতিবেদনত সংযোজন কৰা হ’ব।
ৰাইজৰ বক্তব্য দাঙি ধৰাই এই প্ৰতিবেদনৰ উদ্দেশ্য; কোনো ব্যক্তিৰ সন্মানহানি কৰা নহয়।
