ঘনকান্ত গগৈৰ এনকাউণ্টাৰত মৃত্যু | ফুলপানীচিগাত পুৱতি নিশা গুলীচালনা
ডিজিটেল ডেস্ক, অসম: গুৱাহাটীৰ উলুবাৰীৰ বিলাস ইন হোটেলত সংঘটিত পাঁচজনকৈ লোকৰ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যু হৈছে। মঙলবাৰে পুৱতি নিশা শিৱসাগৰ জিলাৰ ফুলপানীচিগাত সংঘটিত এক গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত হয় অভিযুক্তজন। পিছত চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে নিশা প্ৰায় ৩:১০ বজাত শিৱসাগৰ আৰক্ষীৰ এটা দলে ঘনকান্ত গগৈক লৈ যাত্ৰা কৰি থকা সময়তে গৌৰীসাগৰ থানাৰ অন্তৰ্গত ৰংমন ধামৰ ওচৰৰ ফুলপানীচিগাত ঘটনাটো সংঘটিত হয়।
আৰক্ষীৰ ভাষ্য অনুসৰি, আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ঘনকান্তই পলায়নৰ চেষ্টা কৰাৰ লগতে আৰক্ষীৰ দলটোক আক্ৰমণ কৰে। এই ঘটনাত শিৱসাগৰ সদৰ থানাৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মা গুলীবিদ্ধ হৈ আহত হয়। আৰক্ষীৰ বাহনখনতো গুলীৰ আঘাত লাগে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে। ইয়াৰ ফলত ঘনকান্ত গগৈ গুৰুতৰভাৱে গুলীবিদ্ধ হয়। ততাতৈয়াকৈ তেওঁক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়।
ইফালে, আহত আৰক্ষী বিষয়া দেৱাশীষ শৰ্মাক জয়সাগৰ চিকিৎসালয়ত চিকিৎসাধীন কৰা হৈছে। আৰক্ষী সূত্ৰৰ মতে, বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত।
উল্লেখ্য যে, গুৱাহাটীৰ বিলাস ইন হোটেলত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডই ৰাজ্যজুৰি ব্যাপক উত্তেজনা আৰু উদ্বেগৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ তদন্তৰ মাজতে মূল অভিযুক্ত হিচাপে চৰ্চালৈ আহিছিল ঘনকান্ত গগৈৰ নাম।
আৰক্ষীৰ জিম্মাত থকা অৱস্থাত সংঘটিত এই গুলীচালনাৰ ঘটনাই পুনৰ ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ঘটনাটোৰ সম্পূৰ্ণ পৰিস্থিতি আৰু আনুষংগিক দিশসমূহ এতিয়া বিশেষ গুৰুত্ব লাভ কৰিছে।
