⚙️

WE'LL BE BACK SOON!

Our Website Is Under Maintenance

We are currently improving our website to provide you with a better experience. Our team is working hard to bring everything back online as soon as possible.

Thank you for your patience and understanding.

Need Assistance?
Please contact our support team. Call - 03614550581 / +91- 9707699927
ISHAN NEWS
অসম আৰু উত্তৰ-পূব ৰ প্ৰতিটো খবৰ
এতিয়া একেলগে
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক
☎ 9707699927
ব্ৰেকিং নিউজ
Loading latest updates...

গুৱাহাটীত পুনৰ বৃদ্ধি গাখীৰৰ দাম! এতিয়াৰে পৰা প্ৰতিলিটাৰ গাখীৰৰ মূল্য ৭১.৮০ টকা



প্ৰতিলিটাৰত ২.৬০ টকাকৈ বৃদ্ধি কৰিলে দুগ্ধ ব্যৱসায়ী সন্থাই; ১৬ নৱেম্বৰৰ পৰা মহানগৰীত কাৰ্যকৰী নতুন নিৰিখ

মুদ্ৰাস্ফীতিৰ মাজতে গুৱাহাটীৰ গ্ৰাহকৰ মূৰত পুনৰ পৰিল মাধমাৰ। এইবাৰ বৃদ্ধি পালে গাখীৰৰ মূল্য। বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই গাখীৰৰ খুচুৰা বিক্ৰী মূল্য প্ৰতিলিটাৰত ২.৬০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিৰিখ অনুসৰি এতিয়াৰে পৰা মহানগৰীৰ গ্ৰাহকে প্ৰতিলিটাৰ গাখীৰ ক্ৰয় কৰিবলৈ ৭১.৮০ টকা ব্যয় কৰিব লাগিব।

সন্থাৰ ঘোষণা অনুসৰি, ১৬ নৱেম্বৰ ২০২৬ৰ পৰা এই নতুন মূল্য কাৰ্যকৰী হৈছে। আনহাতে, গাখীৰৰ পাইকাৰী মূল্যও বৃদ্ধি কৰি প্ৰতিলিটাৰত ৬৯.২০ টকা নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত সন্থাই সংবাদমেলযোগে সংশোধিত মূল্যৰ কথা ৰাজহুৱা কৰে।

উল্লেখযোগ্য যে, গাখীৰৰ মূল্য বৃদ্ধিৰ আঁৰত আছে গো-পালকসকলে বৃদ্ধি কৰা সংগ্ৰহ মূল্য। যোৱা ১ নৱেম্বৰত গো-পালকসকলে প্ৰতিলিটাৰ গাখীৰৰ সংগ্ৰহ মূল্য ২ টকাকৈ বৃদ্ধি কৰিছিল। পূৰ্বে ৬১.১০ টকা থকা পাইকাৰী সংগ্ৰহ মূল্য বৃদ্ধি কৰি ৬৩.১০ টকা কৰা হৈছিল।

গো-পালক পৰ্যায়ত মূল্য বৃদ্ধিৰ ফলত উৎপাদন আৰু সংগ্ৰহ ব্যয়ৰ প্ৰভাৱ খুচুৰা বজাৰতো পৰিছে বুলি দুগ্ধ ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। সেই অনুসৰিয়েই পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰা হৈছে।

ইফালে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ইতিমধ্যে সাধাৰণ জনতাৰ দৈনন্দিন বাজেটত প্ৰভাৱ পেলাইছে। তাৰ মাজতে গাখীৰৰ দৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি পোৱাত মহানগৰীৰ গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা পৰাটো নিশ্চিত।

এতিয়া প্ৰশ্ন হৈছে, নিত্য প্ৰয়োজনীয় গাখীৰৰ মূল্য এনেদৰে বৃদ্ধি পোৱাৰ ফলত সাধাৰণ পৰিয়ালসমূহৰ মাহিলী খৰচ কিমানলৈ বৃদ্ধি পাব? গুৱাহাটীৰ গ্ৰাহকসকলৰ মাজতো এই মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।