আইপিএলৰ খেলপথাৰত আৰু দেখা নাযাব মহেন্দ্ৰ সিং ধোনীক!
এইবাৰ নতুন দায়িত্বৰে চিএছকেৰ সৈতে থাকিব ‘কেপ্টেইন কুল’
চেন্নাই ছুপাৰ কিংছৰ মেণ্টৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ধোনীয়ে, যুৱ ক্ৰিকেটাৰক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সম্ভাৱনা
ভাৰতীয় ক্ৰিকেটৰ অন্যতম জনপ্ৰিয় তাৰকা মহেন্দ্ৰ সিং ধোনীৰ অনুৰাগীসকলৰ বাবে আহিছে এক বিশেষ খবৰ। আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত খেলুৱৈ হিচাপে আৰু দেখা পোৱা নাযাব ‘কেপ্টেইন কুল’ক। অৱশ্যে ক্ৰিকেটৰ সৈতে তেওঁৰ সম্পৰ্কৰ অন্ত পৰা নাই। এইবাৰ নতুন দায়িত্বৰে চেন্নাই ছুপাৰ কিংছৰ সৈতে জড়িত হৈ থাকিব প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকী।
চেন্নাই ছুপাৰ কিংছে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি, ধোনীয়ে দলটোৰ টীম মেণ্টৰ হিচাপে দায়িত্ব পালন কৰিব। অৰ্থাৎ আগন্তুক ছিজনত খেলপথাৰত বেট-বল হাতত লৈ নহয়, বৰঞ্চ দলৰ ডাগ আউটৰ পৰা নিজৰ অভিজ্ঞতা আৰু পৰামৰ্শৰে খেলুৱৈসকলক সহায় কৰিব মাহিয়ে।
দলটোৱে প্ৰকাশ কৰা বিবৃতিত ধোনীৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰি কয় যে, চেন্নাই ছুপাৰ কিংছৰ সফলতাৰ যাত্ৰাত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। দলটোৰ আৰম্ভণিৰ সময়ৰ পৰাই ধোনী তেওঁলোকৰ পৰিয়ালৰ অবিচ্ছেদ্য অংশ হৈ আছে বুলিও উল্লেখ কৰা হয়।
২০০৮ চনত আইপিএল আৰম্ভ হোৱাৰ সময়ৰে পৰা চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব আৰু সফলতাৰ সৈতে ধোনীৰ নাম ওতপ্ৰোতভাৱে জড়িত। তেওঁৰ অধিনায়কত্বত দলটোৱে পাঁচবাৰ আইপিএলৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ২০০৭ চনত ধোনীৰ নেতৃত্বতেই ভাৰতীয় দলে প্ৰথম টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰিছিল।
চিএছকেৰ সৈতে ধোনীৰ সম্পৰ্কক লৈ দলটোৰ গৰাকী এন শ্ৰীনিবাসনেও নিজৰ অনুভৱ প্ৰকাশ কৰিছে। তেওঁৰ মতে, ধোনীক বাদ দি চেন্নাই ছুপাৰ কিংছৰ পৰিচয় কল্পনা কৰাটো কঠিন। প্ৰায় দুটা দশক ধৰি দলটোৱে জয়-পৰাজয়ৰ বহু পৰ্যায় একেলগে অতিক্ৰম কৰিছে আৰু দুয়োপক্ষৰ মাজত গঢ়ি উঠা বিশ্বাসেই এই সম্পৰ্কক অধিক শক্তিশালী কৰিছে।
শ্ৰীনিবাসনে লগতে কয় যে, ২০০৮ চনতে ধোনীক চিএছকেৰ অংশ কৰাৰ সিদ্ধান্ত তেওঁ লৈছিল আৰু সময়ৰ সৈতে সেই সিদ্ধান্ত যে কিমান গুৰুত্বপূৰ্ণ আছিল, সেয়া প্ৰমাণিত হৈছে। কেৱল খেলপথাৰৰ সফলতাৰ বাবেই নহয়, ধোনীৰ ব্যক্তিত্ব আৰু দলৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেও তেওঁ বিশেষ স্থান অধিকাৰ কৰি আছে।
আনহাতে, চিএছকেৰ অন্যতম স্বত্বাধিকাৰী ৰূপা গুৰুনাথৰ মতে, ধোনীৰ দৰে খেলুৱৈ ক্ৰিকেট জগতত খুব কমেইহে দেখা যায়। দলটোৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত ধোনীৰ অৱদান অতুলনীয় বুলিও তেওঁ মন্তব্য কৰে। নতুন প্ৰজন্মৰ ক্ৰিকেটাৰসকলক অভিজ্ঞতাৰ জৰিয়তে সঠিক দিশ দেখুওৱাৰ ক্ষেত্ৰত মেণ্টৰ হিচাপে ধোনীৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰে তেওঁ।
উল্লেখযোগ্য যে, চেন্নাই ছুপাৰ কিংছৰ হৈ ধোনীয়ে মুঠ ২৭২খন মেচত অংশগ্ৰহণ কৰিছে। দলটোৰ হৈ তেওঁৰ সংগ্ৰহ ৫,৩১৪ ৰান। এই পৰিসংখ্যাই দলটোৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সফল যাত্ৰাৰ পৰিচয় বহন কৰে।
খেলুৱৈ হিচাপে আইপিএলৰ পৰা আঁতৰি আহিলেও চিএছকেৰ সৈতে ধোনীৰ নতুন অধ্যায়ে এতিয়া অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছে। এতিয়া সকলোৰে দৃষ্টি থাকিব মেণ্টৰ হিচাপে ‘মাহি’ৰ নতুন ভূমিকাৰ ওপৰত।
