উত্তৰাখণ্ডত ভয়ংকৰ বাছ দুৰ্ঘটনা! নদীৰ পাৰত বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৮জনৰ মৃত্যু, আহত ২০
ঋষিকেশ-বদ্ৰীনাথ ঘাইপথত পুৱাই অঘটন; উদ্ধাৰ অভিযান অব্যাহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা
উত্তৰাখণ্ডত পুনৰ সংঘটিত হৈছে এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। পুৱাই টিহৰী গড়ৱাল জিলাৰ ঋষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ পাৰত বাগৰি পৰাৰ ফলত কমেও ৮গৰাকী লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত আন প্ৰায় ২০গৰাকী যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, গুলাৰ বজাৰৰ সমীপৰ এখন পাহাৰীয়া দলঙৰ ওপৰেৰে গৈ থকা অৱস্থাত বাছখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱায়। ফলত প্ৰায় ১০০ মিটাৰ তললৈ বাগৰি নদীৰ পাৰত পৰে বাহনখন। দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ৩০ৰ পৰা ৩৫গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ লোক। উদ্ধাৰ অভিযানত দুৰ্যোগ ব্যৱস্থাপনা বাহিনীকো নিয়োগ কৰা হয়। টিহৰী গড়ৱাল জিলাৰ উপায়ুক্ত নিতিকা খণ্ডেলৱাল আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতা চৌবেও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ অগ্ৰগতিৰ বুজ লয়।
প্ৰশাসনৰ তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা এই পৰ্যন্ত প্ৰায় ২০গৰাকী আহত যাত্ৰীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, ৮গৰাকী যাত্ৰীৰ মৃত্যুৰ তথ্য নিশ্চিত কৰা হৈছে। দুৰ্ঘটনাটোৰ পিছত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত থকাত হতাহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
ইফালে, উত্তৰাখণ্ডত একেৰাহে সংঘটিত পথ দুৰ্ঘটনাই পুনৰ উদ্বেগ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে সোমবাৰে নিশা ৰুদ্ৰপ্ৰয়াগ জিলাৰ পোখাৰীৰ পৰা ৰানচি অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছিল। সেই দুৰ্ঘটনাতো ৬গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।
পাহাৰীয়া পথত একেৰাহে সংঘটিত এনে শোকাৱহ দুৰ্ঘটনাই যাত্ৰীসকলৰ সুৰক্ষা আৰু পথ সুৰক্ষাৰ ব্যৱস্থাক লৈ পুনৰ গুৰুতৰ প্ৰশ্নৰ সৃষ্টি কৰিছে।
