ISHAN NEWS
অসম আৰু উত্তৰ-পূব ৰ প্ৰতিটো খবৰ
এতিয়া একেলগে
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক
9707699927
ব্ৰেকিং নিউজ
Loading latest updates...

গৌৰীপুৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ ৰূপ, ব্যৱসায়িক প্ৰতিষ্ঠানত মাৰপিটৰ অভিযোগ

  স্বামীৰ পৰকীয়া সম্পৰ্কৰ সন্দেহক কেন্দ্ৰ কৰি উত্তেজনা; আদালতত গোচৰ চলি থকাৰ মাজতে ৰাজহুৱা স্থানত সংঘাত গৌৰীপুৰ: পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰি গৌৰীপুৰত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। স্বামীৰ পৰকীয়া সম্পৰ্কৰ সন্দেহক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত কেইবামাহ ধৰি চলি থকা বিবাদে অৱশেষত ব্যৱসায়িক প্ৰতিষ্ঠানত মাৰপিটৰ ৰূপ লোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, ধনঞ্জয় ৰায় আৰু নিলাস্কী কলিতা স্বামী-স্ত্ৰী। দুয়োৰে মাজত বিগত কেইবামাহ ধৰি পাৰিবাৰিক বিবাদ চলি আহিছে। নিলাস্কী কলিতা আৰু তেওঁৰ পৰিয়ালৰ অভিযোগ অনুসৰি, ধনঞ্জয় ৰায়ৰ অনুভা ৰায় নামৰ এগৰাকী মহিলাৰ সৈতে পৰকীয়া সম্পৰ্ক আছে। আনহাতে, অনুভা ৰায়ে নিজৰ একমাত্ৰ কন্যা সন্তানক লৈ ভাড়াঘৰত থাকি গৌৰীপুৰৰ মাটিয়াবাগত অৱস্থিত AXECO Private Limited -ৰ শ্ব'ৰুমত কৰ্মৰত হৈ জীৱন নিৰ্বাহ কৰি আহিছে বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, যোৱা ১৭ তাৰিখে ধনঞ্জয় ৰায় AXECO Private Limited-ৰ শ্ব'ৰুমত উপস্থিত হয়। এই ঘটনাৰ পূৰ্বে ধনঞ্জয় ৰায় আৰু অনুভা ৰায়ৰ নামত নিলাস্কী কলিতাই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। উক্ত এজাহাৰৰ সন্দৰ্ভতে ধনঞ্জয় ৰ...