ISHAN NEWS
অসম আৰু উত্তৰ-পূব ৰ প্ৰতিটো খবৰ
এতিয়া একেলগে
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক
9707699927
ব্ৰেকিং নিউজ
Loading latest updates...

গৌৰীপুৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ ৰূপ, ব্যৱসায়িক প্ৰতিষ্ঠানত মাৰপিটৰ অভিযোগ

 



স্বামীৰ পৰকীয়া সম্পৰ্কৰ সন্দেহক কেন্দ্ৰ কৰি উত্তেজনা; আদালতত গোচৰ চলি থকাৰ মাজতে ৰাজহুৱা স্থানত সংঘাত

গৌৰীপুৰ: পাৰিবাৰিক কন্দলক কেন্দ্ৰ কৰি গৌৰীপুৰত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতি। স্বামীৰ পৰকীয়া সম্পৰ্কৰ সন্দেহক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত কেইবামাহ ধৰি চলি থকা বিবাদে অৱশেষত ব্যৱসায়িক প্ৰতিষ্ঠানত মাৰপিটৰ ৰূপ লোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, ধনঞ্জয় ৰায় আৰু নিলাস্কী কলিতা স্বামী-স্ত্ৰী। দুয়োৰে মাজত বিগত কেইবামাহ ধৰি পাৰিবাৰিক বিবাদ চলি আহিছে। নিলাস্কী কলিতা আৰু তেওঁৰ পৰিয়ালৰ অভিযোগ অনুসৰি, ধনঞ্জয় ৰায়ৰ অনুভা ৰায় নামৰ এগৰাকী মহিলাৰ সৈতে পৰকীয়া সম্পৰ্ক আছে।

আনহাতে, অনুভা ৰায়ে নিজৰ একমাত্ৰ কন্যা সন্তানক লৈ ভাড়াঘৰত থাকি গৌৰীপুৰৰ মাটিয়াবাগত অৱস্থিত AXECO Private Limited-ৰ শ্ব'ৰুমত কৰ্মৰত হৈ জীৱন নিৰ্বাহ কৰি আহিছে বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, যোৱা ১৭ তাৰিখে ধনঞ্জয় ৰায় AXECO Private Limited-ৰ শ্ব'ৰুমত উপস্থিত হয়। এই ঘটনাৰ পূৰ্বে ধনঞ্জয় ৰায় আৰু অনুভা ৰায়ৰ নামত নিলাস্কী কলিতাই এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে। উক্ত এজাহাৰৰ সন্দৰ্ভতে ধনঞ্জয় ৰায় শ্ব'ৰুমটোলৈ যোৱা বুলি তেওঁৰ পক্ষই দাবী কৰিছে।

ঘটনাৰ সময়ত শ্ব'ৰুমত সংস্থাপন কৰা CCTV কেমেৰাত সমগ্ৰ দৃশ্য বন্দী হোৱা বুলি জানিব পৰা গৈছে। CCTV দৃশ্য সন্দৰ্ভত ধনঞ্জয় ৰায়ৰ দাবী, তেওঁ আৰু অনুভা ৰায় কোনো অসংগত অৱস্থাত নাছিল; দুয়ো পৃথকে বহি কথা পাতি থকা অৱস্থাতহে আছিল। সেই সময়তে নিলাস্কী কলিতাৰ লগতে তেওঁৰ পৰিয়ালৰ লোক শ্ব'ৰুমটোত উপস্থিত হৈ হুলস্থুলৰ সৃষ্টি কৰে বুলি তেওঁ অভিযোগ কৰে।

ধনঞ্জয় ৰায়ৰ ভাষ্য অনুসৰি, পৰিস্থিতি উত্তপ্ত হৈ পৰাত তেওঁ আত্মসন্মান আৰু জীৱনৰ নিৰাপত্তাৰ আশংকাত নিজকে লুকুৱাই ৰাখিবলগীয়া হয়।

ইফালে, অনুভা ৰায়ক কৰ্মৰত অৱস্থাৰ পৰা বলপূৰ্বকভাৱে আঁতৰাই নিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছে। ঘটনাটোক লৈ শ্ব'ৰুম কৰ্তৃপক্ষৰ সৈতেও কথা-বতৰা হোৱা বুলি জানিব পৰা গৈছে।

শ্ব'ৰুম কৰ্তৃপক্ষৰ বক্তব্য অনুসৰি, অনুভা ৰায়ৰ বিৰুদ্ধে কোনো উপযুক্ত প্ৰমাণ লাভ নকৰাকৈ কেৱল অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা সম্ভৱ নহয়। কোনো উপযুক্ত প্ৰমাণ দাখিল কৰা হ'লে সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কৰ্তৃপক্ষই মন্তব্য কৰা বুলি জানিব পৰা গৈছে।

ধনঞ্জয় ৰায়ৰ দাবী

ইফালে, ধনঞ্জয় ৰায়ে দাবী কৰিছে যে তেওঁ প্ৰায় ১৫ বছৰ ধৰি নিজৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ পৰা আঁতৰি নিলাস্কী কলিতাৰ সৈতে সংসাৰ কৰি আহিছিল। বৰ্তমান নিলাস্কী কলিতাই পুনৰ সংসাৰ কৰিবলৈ বিচৰা বুলি তেওঁ দাবী কৰিছে।

ঘটনাটোক কেন্দ্ৰ কৰি দুয়ো পক্ষৰ মাজত চলি থকা আইনী বিবাদে নতুন ৰূপ লোৱাৰ লগতে বিষয়টোক লৈ অঞ্চলটোত চৰ্চা অব্যাহত আছে।

এই ঘটনাৰ সন্দৰ্ভত অনুভা ৰায় আৰু ধনঞ্জয় ৰায়ৰ বক্তব্য আমাৰ হাতত আছে। তেওঁলোকে বিষয়টো সন্দৰ্ভত কি কৈছে, সেই বক্তব্য শুনাই দিয়া হ'ব।