ডেৰ মাহে পলাতক গভাইত চোৰ ইক্ৰাম হুছেইন আৰক্ষীৰ জালত
বৰপেটা: অৱশেষত আৰক্ষীৰ জালত পৰিল ডেৰ মাহ ধৰি পলাতক হৈ থকা এজন গভাইত চোৰ। বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ অভিযানত আটক কৰা হৈছে সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰ গাঁৱৰ প্ৰয়াত ইছব আলীৰ পুত্ৰ ইক্ৰাম হুছেইন ওৰফে জাহিদুল ইছলাম ওৰফে বড়ো (২৭)ক।
আৰক্ষীৰ তথ্য অনুসৰি, ইক্ৰাম হুছেইনৰ বিৰুদ্ধে অঞ্চলটোত পূৰ্বেও কেইবাটাও চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ৪ আগষ্টত কুকাৰপাৰ গাঁৱৰ জাকিৰ হুছেইনৰ বাসগৃহত সংঘটিত চুৰি কাণ্ডৰ সৈতেও তেওঁ জড়িত থকাৰ অভিযোগ আছে।
জানিব পৰা মতে, চাকৰিসূত্ৰে বৰপেটা চহৰত থকা জাকিৰ হুছেইনৰ ঘৰত সেই সময়ত কোনো লোক নথকাৰ সুযোগ লৈ চোৰৰ দলটোৱে ঘৰৰ তলা ভাঙি বিভিন্ন সামগ্ৰী চুৰি কৰিছিল। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সৰ্থেবাৰী থানাৰ অন্তৰ্গত পূব এলাদীৰ জাহাংগীৰ আলী, বাঘবৰ থানাৰ অন্তৰ্গত মানিকপুৰৰ ৰহিম আলী আৰু সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়া গাঁৱৰ ৰাইজুদ্দিন আলীক সেইদিনাই আৰক্ষীয়ে আটক কৰিছিল।
মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদৰ নেতৃত্বত চলোৱা অভিযানত আটক কৰা তিনিওজনৰ পৰা চুৰি সামগ্ৰীও উদ্ধাৰ কৰি জব্দ কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘটনাটোক লৈ সৰ্থেবাৰী থানাত ৭৪/২০২৬ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল।
ইফালে, ঘটনাৰ পাছৰে পৰা ইক্ৰাম হুছেইন ওৰফে বড়ো পলাতক হৈ আছিল। ডেৰ মাহৰো অধিক সময় পলাতক হৈ থকাৰ পাছত আজি পুৱা তেওঁ ঘৰলৈ অহাৰ গোপন খবৰ লাভ কৰে আৰক্ষীয়ে।
খবৰ লাভ কৰাৰ পাছতেই মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোকমান আলী আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ইক্ৰাম হুছেইনক আটক কৰে।
আৰক্ষীৰ জেৰাত ইক্ৰাম হুছেইনে জাকিৰ হুছেইনৰ বাসগৃহৰ পৰা চুৰি কৰা ইনভাৰ্টাৰৰ বেটেৰী এটা ঘৰৰ কাষৰ পুখুৰীত লুকুৱাই ৰখাৰ কথা স্বীকাৰ কৰে বুলি জানিব পৰা গৈছে। পাছত তেওঁৰ দেখুওৱা মতে আৰক্ষীয়ে পুখুৰীৰ পৰা বেটেৰীটো উদ্ধাৰ কৰি জব্দ কৰে।
ঘটনাক লৈ আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
