হাজাৰ হাজাৰ লোকৰ জনসমুদ্ৰত পৰিণত চচল, বানপীড়িতৰ হুংকাৰত উত্তাল গুৱাহাটী
সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত ৰাজপথত বিশাল প্ৰতিবাদী সমদল
গুৱাহাটী: বানপানীত সৰ্বস্ব হেৰুওৱা উজনি অসমৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ বানপীড়িত লোকৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল গুৱাহাটীৰ চচল। বানপানী পাৰ হৈ যোৱাৰ দীৰ্ঘদিন পাছতো বহু ভুক্তভোগী পৰিয়ালে চৰকাৰী সাহায্য আৰু ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ তুলি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ (AJP)-ৰ আহ্বানত উলিওৱা হয় এক বিশাল গণ-সমদল।
শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলৰ পৰা অহা হাজাৰ হাজাৰ পুৰুষ-মহিলাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
চচলত প্ৰতিবাদকাৰীৰ অভূতপূৰ্ব ভিৰ
আজি পুৱাৰে পৰা চচলৰ প্ৰতিবাদস্থলী ক্ৰমান্বয়ে প্ৰতিবাদকাৰীৰে ভৰি পৰে। বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলীৰ পৰিৱেশ উত্তাল হৈ উঠে।
প্ৰতিবাদকাৰীসকলৰ অভিযোগ, বানপানীৰ ফলত বহু পৰিয়ালে ঘৰ-দুৱাৰ, পশুধন আৰু কৃষিভূমি হেৰুৱাই সৰ্বস্বান্ত হৈছে। কিন্তু বানপীড়িতসকলৰ বাবে চৰকাৰী সাহায্যৰ কথা ঘোষণা কৰা হ’লেও বহু প্ৰকৃত ভুক্তভোগীয়ে এতিয়াও সেই সাহায্য লাভ কৰা নাই।
সাহায্য নোপোৱাৰ অভিযোগ
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ ওচৰত শীঘ্ৰে বান সাহায্য আৰু ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায়। তেওঁলোকৰ অভিযোগ, বানপানীৰ ফলত জীৱিকা হেৰুৱাই বহু পৰিয়ালে এতিয়াও কঠিন পৰিস্থিতিৰ মাজেৰে দিন কটাবলগীয়া হৈছে।
চৰকাৰ আৰু ASDMAক সমালোচনা AJP নেত্ৰীৰ
গণ-সমদলত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদ (AJP)-ৰ নেত্ৰী কুংকী চৌধুৰীয়ে ৰাজ্য চৰকাৰ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ASDMA)-ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।
সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অসম চৰকাৰে বানপীড়িত প্ৰতিটো পৰিয়ালক জৰুৰীকালীন বান সাহায্য হিচাপে নূন্যতম ১৫,০০০ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁৰ দাবী অনুসৰি, বৰ্তমানলৈকে প্ৰায় ৩০ৰ পৰা ৪০ শতাংশ ভুক্তভোগী পৰিয়ালেও এই সাহায্য লাভ কৰা নাই।
তেওঁ চৰকাৰৰ এই বিষয়টোক লৈ অধিক ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
ইফালে, ৰাইজৰ দলৰ নেতৃত্বয়ো বানপীড়িত ৰাইজৰ দুৰ্দশাক লৈ চৰকাৰে হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে সকলো প্ৰকৃত ভুক্তভোগীক সাহায্য আৰু ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়।
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ ওচৰত বানপীড়িত পৰিয়ালসমূহৰ ক্ষয়-ক্ষতিৰ উপযুক্ত মূল্যায়ন কৰি শীঘ্ৰে সাহায্য প্ৰদানৰ দাবী জনাইছে।
ৰিপৰ্ট: আকাশ আহমেদ
বি পি নিউজ
