আৰক্ষীৰ তদন্তত হোৱা ত্ৰুটিৰ বাবে জামিন লাভ জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰৰ
জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই বিশেষ ন্যায়াধীশ আদালতৰ পৰা জামিন লাভ কৰিছে।
আয় বৰ্হিভূত সম্পত্তি সম্পৰ্কীয় অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। গোচৰটোৰ তদন্তৰ সময়ত গ্ৰেপ্তাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনুসৰণ কৰা হোৱা নাছিল বুলি আদালতত বিষয়টো উত্থাপন হয়।
এই তদন্ত প্ৰক্ৰিয়াৰ ত্ৰুটিক গুৰুত্ব দি বিশেষ আদালতে দুয়োৰে জামিন আবেদন মঞ্জুৰ কৰে।
অৱশ্যে জামিন লাভ কৰিলেও পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পথ এতিয়াও মুকলি হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰতো দুয়োজন অভিযুক্ত হৈ থকাৰ বাবে সেই গোচৰৰ আইনী প্ৰক্ৰিয়া অনুসৰি তেওঁলোক কাৰাগাৰতে থাকিব লাগিব।
ফলত এটা গোচৰত আদালতৰ পৰা জামিন লাভ কৰিলেও আনটো গোচৰৰ কাৰণে দুয়োজনৰ কাৰাবাস অব্যাহত থাকিব।
