প্ৰাগ নিউজৰ বাতৰিক লৈ ইসান নিউজৰ স্পষ্টীকৰণ, ফেচবুক পেইজৰ সৈতে পৰ্টেলৰ কোনো সম্পৰ্ক নাই
গুৱাহাটী: সামাজিক মাধ্যম তথা একাংশ ফেচবুক পেইজ আৰু বিভিন্ন নিউজ চেনেলত বিগত কেইবাদিন ধৰি প্ৰাগ নিউজৰ CMD ড০ সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে ফোন কল ৰেকৰ্ডিং আৰু ইয়াক কেন্দ্ৰ কৰি প্ৰকাশিত বাতৰিক লৈ বিভিন্ন আলোচনা চলি আছে। এই সমগ্ৰ বিষয়টোৰ মাজতে ‘ইসান নিউজ’ নাম ব্যৱহাৰ কৰা এটা ফেচবুক পেইজ আৰু ইসান নিউজৰ ৱেব পৰ্টেলক লৈও বিভ্ৰান্তিৰ সৃষ্টি হোৱা বুলি পৰ্টেলটোৰ পক্ষৰ পৰা জানিবলৈ দিয়া হৈছে।
ইসান নিউজৰ পক্ষৰ বক্তব্য অনুসৰি, www.ishannews.com আৰু www.ishannews.in নামৰ ৱেব পৰ্টেল দুটাৰ সৈতে সামাজিক মাধ্যমত থকা ‘Ishan News’ নামৰ সংশ্লিষ্ট ফেচবুক পেইজটোৰ কোনো সাংগঠনিক বা মালিকানাধীন সম্পৰ্ক নাই বুলি তেওঁলোকে স্পষ্ট কৰিছে।
পৰ্টেলটোৰ পক্ষই আৰু দাবী কৰা অনুসৰি, ফেচবুকত ‘Ishan News’ নাম ব্যৱহাৰ কৰা পেইজটোৰ স্বত্বাধিকাৰী আৰু ৱেব পৰ্টেলৰ বৰ্তমান স্বত্বাধিকাৰী একে ব্যক্তি নহয়। সেয়েহে কোনো ফেচবুক পেইজত প্ৰকাশিত বিষয়বস্তুৰ সৈতে ইসান নিউজৰ ৱেব পৰ্টেলক একে বুলি গণ্য কৰাটো যুক্তিসংগত নহয় বুলি পৰ্টেলটোৰ পক্ষই মত প্ৰকাশ কৰিছে।
আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা
ইসান নিউজৰ নাম আৰু পৰিচয় ব্যৱহাৰ কৰি চলি থকা সামাজিক মাধ্যমৰ পেইজটোক লৈ বিষয়টো গুৰুত্বসহকাৰে পৰ্যালোচনা কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি পৰ্টেলটোৰ পক্ষৰ পৰা জানিবলৈ দিয়া হৈছে।
ইসান নিউজৰ পক্ষই সংশ্লিষ্ট ফেচবুক পেইজৰ স্বত্বাধিকাৰীলৈও অনুৰোধ জনাইছে যে, ৱেব পৰ্টেলৰ নাম, পৰিচয় বা ব্ৰেণ্ডৰ সৈতে বিভ্ৰান্তি সৃষ্টি কৰিব পৰা কোনো উপাদান ব্যৱহাৰ নকৰিবলৈ আৰু পৰ্টেলৰ নাম ব্যৱহাৰ কৰি থকা বিষয়সমূহ আঁতৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰা হওক।
নতুন ফেচবুক পেইজৰ বিষয়েও স্পষ্টীকৰণ
ইফালে, ইসান নিউজৰ পক্ষই জানিবলৈ দিয়া অনুসৰি, তেওঁলোকৰ নতুনকৈ আৰম্ভ কৰা ফেচবুক উপস্থিতিৰ বিষয়ে পাঠক আৰু দৰ্শকসকলক সঠিক তথ্য জনোৱাটো প্ৰয়োজনীয় বুলি তেওঁলোকে বিবেচনা কৰিছে।
ইসান নিউজৰ অফিচিয়েল ৱেব পৰ্টেলসমূহ হৈছে:
www.ishannews.com
www.ishannews.in
ইয়াৰ লগতে নতুন ফেচবুক পেইজটোৰ বিষয়েও পাঠকসকলক সঠিকভাৱে যাচাই কৰি ল'বলৈ আহ্বান জনোৱা হৈছে।
www.facebook.com/ishannews
Orginal
প্ৰাগ নিউজৰ বাতৰিক লৈও স্পষ্টীকৰণৰ আহ্বান
ইফালে, ড০ সঞ্জীৱ নাৰায়ণক কেন্দ্ৰ কৰি প্ৰকাশিত ফোন কল ৰেকৰ্ডিং আৰু বাতৰিৰ সৈতে ইসান নিউজৰ নাম জড়িত হোৱা বিষয়টোৱে পৰ্টেলটোৰ মতে অনাৱশ্যক আইনী আৰু সাংগঠনিক সমস্যাৰ সৃষ্টি কৰিছে।
ইসান নিউজৰ পক্ষই সংশ্লিষ্ট সংবাদমাধ্যম আৰু সামাজিক মাধ্যমৰ পেইজসমূহক কোনো বিষয় প্ৰকাশ কৰাৰ পূৰ্বে উৎস, মালিকানা আৰু সংশ্লিষ্ট পক্ষৰ সম্পৰ্ক সঠিকভাৱে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।
বিশেষকৈ, কোনো ফেচবুক পেইজৰ কাৰ্যকলাপৰ বাবে সেই নামৰ সৈতে একে বা মিল থকা ৱেব পৰ্টেলক দায়ী কৰাৰ পূৰ্বে পৰ্টেলটোৰ মালিকানা আৰু পৰিচালনাৰ তথ্য পৰীক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ইসান নিউজৰ পক্ষই উল্লেখ কৰিছে।
ইসান নিউজৰ বক্তব্য: কোনো ব্যক্তি, প্ৰতিষ্ঠান বা সংবাদমাধ্যমৰ বিৰুদ্ধে অভিযোগ প্ৰকাশ কৰাটো সংবাদ মাধ্যমৰ অধিকাৰ হ'লেও, তথ্যৰ সত্যতা আৰু সংশ্লিষ্ট পক্ষৰ পৰিচয় নিশ্চিত নকৰাকৈ কোনো ৱেব পৰ্টেল বা সংবাদ প্ৰতিষ্ঠানৰ নাম জড়িত কৰাটোৱে ভুল বুজাবুজি আৰু আইনী জটিলতাৰ সৃষ্টি কৰিব পাৰে।
এই বিষয়ত ইসান নিউজৰ পক্ষই সংশ্লিষ্ট সকলো সংবাদমাধ্যম আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰীক তথ্য প্ৰকাশৰ পূৰ্বে যথাযথভাৱে যাচাই কৰিবলৈ অনুৰোধ জনাইছে।
