ISHAN NEWS
অসম আৰু উত্তৰ-পূব ৰ প্ৰতিটো খবৰ
এতিয়া একেলগে
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক
☎ 9707699927
ব্ৰেকিং নিউজ
Loading latest updates...

বাল্যবিবাহৰ প্ৰস্তাৱ নাকচ কৰাক লৈ সুখোৱাৰঝাৰত ভয়ংকৰ মাৰপিট



সংঘৰ্ষত কেইবাজনো লোক গুৰুতৰভাৱে আহত, উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ

বৰপেটা: বাল্যবিবাহৰ প্ৰস্তাৱ নাকচ কৰাক কেন্দ্ৰ কৰি বৰপেটা জিলাৰ সুখোৱাৰঝাৰত আজি পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। ঘটনাত দুয়োপক্ষৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, সুখোৱাৰঝাৰ গাঁৱৰ নজৰুল ইছলামৰ পৰিয়াললৈ তৈজুদ্দিনৰ পক্ষৰ পৰা বাল্যবিবাহৰ এটা প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। কিন্তু নজৰুল ইছলামৰ পৰিয়ালে সেই প্ৰস্তাৱ পোনপটীয়াকৈ নাকচ কৰে।

বিবাহৰ প্ৰস্তাৱ নাকচ কৰাক লৈ দুয়োপক্ষৰ মাজত প্ৰথমে তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত এই বাক-বিতণ্ডাই ক্ৰমাৎ উত্তপ্ত ৰূপ ধাৰণ কৰি মাৰপিটলৈ পৰিণত হয়।

অভিযোগ অনুসৰি, ইয়াৰ পিছতে তৈজুদ্দিনৰ পক্ষই নজৰুল ইছলামৰ পৰিয়ালৰ লোকসকলৰ ওপৰত আক্ৰমণ চলায়। দুয়োপক্ষৰ মাজত হোৱা প্ৰচণ্ড মাৰপিটত কেইবাজনো লোক আহত হয়।

ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাময় পৰিস্থিতি। স্থানীয় লোকৰ সহযোগত আহতসকলক ততাতৈয়াকৈ আলোপতি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

ইয়াৰে কেইবাজনো লোকৰ আঘাত গুৰুতৰ হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে যদিও এই পৰ্যন্ত ঘটনাটোৰ সন্দৰ্ভত অধিক তথ্য জানিব পৰা হোৱা নাই।

নগৰবেৰাৰ পৰা ইমনুল হাচানৰ প্ৰতিবেদন