চতিয়াত ‘ত্ৰিবেণী সংগম’ৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
নাৰী সৱলীকৰণ, আত্মসহায়ক গোট আৰু গ্ৰাম্য জীৱিকাৰ উন্নয়নৰ ওপৰত গুৰুত্ব
জামুগুৰিহাট, নদুৱাৰ, ২৩ ছেপ্টেম্বৰ: চতিয়াৰ নীলিমা ভৱনত আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)-ৰ অন্তৰ্গত ‘ত্ৰিবেণী সংগম’ মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয়।
বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। সভাত গ্ৰাম্য অৰ্থনীতিৰ বিকাশ, আত্মসহায়ক গোটসমূহৰ সৱলীকৰণ, নাৰী সৱলীকৰণ আৰু গ্ৰাম্য জীৱিকাৰ মান উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আলোচনা আৰু মত-বিনিময় কৰা হয়।
সভাত ভাষণ প্ৰদান কৰি বিধায়ক পদ্ম হাজৰিকাই নাৰী সমাজৰ সৱলীকৰণ আৰু আত্মসহায়ক গোটসমূহৰ সক্ৰিয় ভূমিকাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
তেওঁ স্বাৱলম্বিতাৰ জৰিয়তে আত্মনিৰ্ভৰশীল সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত নাৰী সমাজৰ একতা, কৰ্মস্পৃহা আৰু উদ্যোগী মনোভাৱৰ গুৰুত্বৰ কথাও উল্লেখ কৰে।
উল্লেখ্য যে, আত্মসহায়ক গোটসমূহে গ্ৰাম্য অঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি আৰু সামাজিক অংশগ্ৰহণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
আজিৰ এই বাৰ্ষিক সাধাৰণ সভাই গ্ৰাম্য জীৱিকা, নাৰী সৱলীকৰণ আৰু স্বাৱলম্বিতাৰ যাত্ৰাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা কঢ়িয়াই অনাৰ লগতে আগন্তুক দিনত সংগঠনটোৰ বিভিন্ন কাৰ্যসূচী অধিক সুসংগঠিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হয়।
প্ৰতিবেদক: মানস জ্যোতি বৰুৱা
জামুগুৰিহাট, নদুৱাৰ, শোণিতপুৰ, অসম
যোগাযোগ: ৭০০২৮২১০৩৪
